Verses of Independence
Kukil Saikia
(Translated by A. D. Konwar)
The rope on which your flag of freedom unfurls
Is the one on which hangs your skint farmers.
From Jallianwala to Bogidhala,
From Lord Dalhousie to Modi,
Blood drizzles onto this valley,
Oppression and Treachery –
The clouds that hang over;
What do we call this valley?
– India.
Who are you?
– Independence.
Meaning?
– Bhanimai, Nirbhaya, Gauri Lankesh, Naxalbari.
(or on your will, pick a 90’s Axomiya)
Where is your home?
– In the pages of the lengthiest constitution
– In the wounds of the bullets fired
– In the penises of the rapists
– In the lathi-charges
– In the politico’s speeches
– In the forests
– In the tea gardens
– In the factories
What do you like?
– Oppression, Oppression, and Oppression.
Oh peasants, oh labourers, what is this independence?
– Expectations, Destitution, and Paranoia – prolonged.
– Do not ask us anything.
– We do not have the freedom to speak.
– Our legs are in chains, our heads on gunpoint.
– Don’t ask us more.
I did not ask the political leaders what is independence,
I know, Independence and Freedom have never been healthier.
স্বাধীনতাৰ পদ্য
কোকিল শইকীয়া
যিডাল ৰচীত উৰে স্বাধীনতাৰ পতাকা
একেডাল ৰচীতে ওলমে ঋণগ্ৰস্ত খেতিয়ক
জালিনীৱালাবাগৰ পৰা বগীঢলালৈ
লৰ্ড ডেলহাউছিৰ পৰা নৰেন্দ্ৰ মোডীলৈ
সোঁতাল তেজৰ উপত্যকা
শোষণ আৰু বঞ্চনাৰ কজলা মেঘ
কি নাম এই উপত্যকাৰ ?
– ভাৰতবৰ্ষ
কি নাম তোমাৰ ?
– স্বাধীনতা ।
মানে ?
– ভনীমাই, নিৰ্ভয়া, গৌৰী লংকেশৰ, নক্সালবাৰী
নতুবা নব্বৈৰ প্ৰতিজন অসমীয়া ডেকা ।
ক’ত ঘৰ তোমাৰ ?
– দীঘলীয়া সংবিধানৰ প্ৰতিটো পৃষ্ঠাত
কেতিয়াবা গুলীৰ আঘাতত
কেতিয়াবা ধৰ্ষণত
কেতিয়াবা লাঠীৰ কোবত
নেতাৰ উচ্চ ভাষণত
অৰণ্যত
চাহ বাগানত
কাৰাখানাত ।
কি ভাল পোৱা তুমি ?
– শোষণ শোষণ আৰু শোষণ ।
হে খেতিয়কসকল, শ্ৰমিকসকল এইবাৰ তোমালোকে কোৱা স্বাধীনতাৰ কথা?
– কত বছৰৰ অপেক্ষা ক্ষুধা আৰু ভীতিগ্ৰস্ততা
অামাক একো নুসুধিবা
এইকথা কোৱাৰ স্বাধীনতা আমাৰ নাই
আমাৰ ভৰিত শিকলি আৰু শিৰত বন্দুক
আৰু একো নুসুধিবা ।
ৰাজনৈতিক নেতাসকলক নুসুধিলোঁ স্বাধীনতাৰ কথা
জানো, তেওঁলোকৰ মতে স্বাধীনতাৰ জয় জয় ময় ময় অৱস্থা ।